মেমৰীত আহিলে,শ্বেয়াৰিবলে মন যোৱা লেখাটো।
আপা_
(শুৱালকুচিৰ মাহীৰ ল’ৰাটো,যাক আপা বুলি মাতো।)
আগতে পৰীক্ষাৰ সময়ত মোৰ টোপনী বেছি হয়। তেতিয়া শুৱালকুছিৰ মাহীৰ পুতেক এটা আমাৰ ঘৰত আছিল। তাক আপা বুলি মাতো।মই ৰাতি পৰীক্ষালে পঢ়োতে প্ৰায়ে টেবুলত মূৰ থৈ সপোন দেখি থাকো। মূৰৰ চুলিৰ মাজ ডোখৰ পুৰি গোন্ধ ওলালে ঘৰৰ মানুহে গম পায়, দগৰা গালি দিয়ে।
মা ৰাতিয়ে আৰম্ভ হয় বহি লৈ…… 😠😠হ’ল আইদেউ, তুমি ফালিবা। লোকৰ ছোৱালীয়ে ৰাতি দুটালে লাইট জ্বলাই পঢ়ে।আমাৰ এওঁক চোৱা।
তল নপৰো মই 😒_এএ হব মোক তহঁতেহে লাইট জ্বলাবলে নিদিয় একেটা ৰূমতে শুৱ টোপনি খটি হয় বুলি। লাইট জ্বলাই পঢ়িলে মোৰো চুলি নুপুৰে।ইমান ওপৰত লাইটতো কেনেকে চুলি পুৰিব।
তেতিয়ালৈ আঠুৱা তলৰ পৰা মা আহি কি কৈছ তই বুলি মোৰ মুৰত আঠা লাগেহি ।মানে চুলি জোকোৰা দিয়ে।
মায়ে এই কথাই কথা নহয় বুলি মোক ৰখিবলে ৰখীয়া বিছাৰিবলে ধৰিলে। মোৰ টোপনী চেকিঙৰ দায়িত্ব পৰিল আপাৰ ওপৰত।
সি মোক চকিদাৰী কৰিবলে লাগি গ’ল, ৰাতি মই শুও নে পঢ়ো চাবলৈ। এনেও তাৰ লগত মোৰ চকুৱে চকুৱে নপৰে।মোৰ সাহিত্যৰ বিষয় নথকা দিনা সি তাৰ স্কুললে মোৰ বহীখন নি,বেক চাইদৰ পৰা বিজ্ঞানৰ প্ৰশ্নোত্তৰ লিখে। যিটো মই একদম গম নেপাওঁ। ।আগফালৰ পৰা আমাৰ হাইস্কুলৰ চাৰে চহী দি গৈ আছে মই লিখা সাহিত্যত,পিছফালৰ পৰা আপাৰ মাষ্টৰতো বিজ্ঞানৰ চহী মাৰি আহি আছে ,সি লিখা বিজ্ঞানত।এদিন আমাৰ চাৰে চহী মাৰি গৈ ,আপাৰ বিজ্ঞানৰ মাষ্টৰৰ টিকাত দিলে খুন্দা। চাৰে মোৰ লিখা আৰু আছেনি বুলি চেক কৰোতে পিছলে ,দেখে, এলপিৰ বিজ্ঞানৰ চহী মাৰি আপাৰ মাষ্টৰজন বহি আছে আৰামত।
মোক হোলচেলত বাই পেলালে চাৰে। আৰু মই বালোহি ঘৰত আপাক।
সেই আপাকে দায়িত্ব দিলে মায়ে,মোৰ পঢ়া চেকিঙ কৰিবলে।
দায়িত্ব লৈয়ে আপাই,মই টোপনিয়ালেই ,সি শুৱা বিছনাৰ তললে হাত নি চেণ্ডেল এপাত দলিয়াই দিয়ে। দুদিন গাত পৰিছে দেতাৰ গধপা চেণ্ডেল। এদিন জিম কৰবেটৰ বিষয়ে মেলি ইমান ধুনীয়াকে টেবুলত মূৰ থৈ বিয়া খাই আছো…গাঁৱৰ সিমূৰত, বোবাই দাৰ ঘৰত।…দৰা ঘৰীয়া পাইছিলহে আহি, তেনেতে আমি খাবলে বহিছো আৰু।
খাচী মাংস এডোখৰ চোবাই চোবাই , সা সোৱাদ নেপাই আকৌ ভৰাওঁ মূখত।
আপাই মোক বহি লৈ চাই আছিল, কিতাপৰ চুক এটা চোবাই কেনেকে টেবুলত মূৰ থৈ শুই আছো মই। ।
হঠাৎ খাই উঠি,হাত ধুবলে গৈ টিউৱেলৰ পাৰত পিছল খাই পৰোতেহে, গম পাওঁ……মই বিয়াঘৰত নাই। চকীৰ পৰা টোপনীয়াই ধউউমকে পৰি ,চাওঁ মই ঘৰতহে আছো ,তাকো টেবুলৰ তলত।
। তাৰ পিছতে আপাই মহাভাৰত যুদ্ধৰ শৰৰ দৰে বিছনাৰ কাষৰ সৱ চেণ্ডেল বৰশিবলে লাগিল। সি মাক চিঞৰিছে…_ জেঠী ৰেই ইতানে পাপু শুই শুই ধাচকে পৰি গেচি। এক কনো পঢ়া নাই,কিতাপ চোবেই চোবেই শুই আছে মৰণ নহৌটি।
সি দলিওৱা চেণ্ডেলৰ কোব মোৰ গায়ে মূৰে। দিলো গালি……শুই থাক, বিয়া এখন খোৱাৰো শান্তি নাই এই পাষণ্ডতোৰ পৰা।।
মায়ে টোপনীতে বলকিছে…😠😠…আইদেউ এইবাৰ ফেইল মাৰিবই ।নাক কান গল সৱ এইখন,অমুকৰ জীয়েকৰ ৰিজাল্ট চাবাছোন।
আপাই পিছদিনা সৱতে মোৰ মাৰ্কেট গেলাই দিলে _পাপু গেধীয়ে পঢ়োতে টোপনিয়াই চকী পা পৰিল। দাঁত চাত ভাঙি গেচ্চি তাইৰ। আৰু মই দগৰা দিচ্চো তাইক,জেঠুৰ নতুন চেণ্ডেলে খুউব পিট্ ছো তাইক।
তাৰ পিছত মোক যেই দেখে সেই সুধে 🙄🙄 হয়নে অ পাপু তোৰ বোলে চকীৰ পৰা পৰি আগ দাঁত সৰিল তহঁতৰ আপাই কৈছে।সি হেনো তোক চেণ্ডেলে দগৰাজাৰনো দিলে পঢ়া পা।
😲😲😲_ওৱৱৱ ই মানে এগুনত দুগুণ বিয়পাই পেলাইছে ।সি এনেই মোৰ ভয়ত পেঁপুৱা মায়ে তাক চকিদাৰী পাৱাৰতো দিলে বাবে তাৰ টেম্পাৰ বাঢ়িল।মহামাৰীতো ৰহ আজি তোৰ চকিদাৰী গিৰি বাহিৰ কৰি আছো।
সেইদিনা ৰাতি পঢ়ি আছো। সৱ টোপনী গৈছে আউ। মই লাহেকৈ উঠি আপাই খেপিওৱা বিছনাৰ কাষৰ চেণ্ডেল আতৰাই ,থলোহি বেলেগ এটা বস্তু তলত। তাৰ পিছত চকীত আহি টোপনিওৱা ভেশচন ধৰি ধউমকে পৰা শব্দ কৰিলো ।মায়ে ফিটকৰা চকীদাৰে নাগৰাজৰ দৰে গাৰুৰ পৰা মুৰ দাঙি তললে খেপিয়াইলেই নহয়।সি চেণ্ডেল বিছাৰি তলত খলক খলক মাৰিছে। এপাকত কি অ এইখন বুলি কাটি হৈ আঠুৱা দাঙি তললে চাওঁতেই দেতাই 😠__এই অবালচন সৱ কি খৰমৰাই থাকে অ ,শোৱাৰো শান্তি নাই বুলি গোৰ মাৰি দিলে তাক। সি ধউমকে তলৰ খলক খলকতে পৰিলহি। মাৰ ভাগৰ পৰিয়ালৰ সম্পত্তি, চিকতা দেতাৰ এনেও হজম নহয় আগৰ পৰাই ।খুলশালীয়েককে পোন্দোৱা পোন্দোৱি কৰে। তাতে এতিয়া ওলমিল টেটুত মাৰ ভণীয়েকৰ পুতেক।
সিফালে তলত পৰা আপাই নিজক চৰিয়া এটাত উদ্ধাৰ কৰি ,নিজকে শুঙি শুঙি ৰাউচি জুৰিবলে লাগিল …_অ মাই অ।অই জেঠী মই তোৰ মুতাতে পৰলো। মুতাৰ চৰিয়াতো এতে কুনি থৈছিল ।অ মই মৰলো অ। গোটাই মুতাত ডুবি গেলো মই ।চেচ হৈ গ’লো মই মুতাত ডুবি।
তাৰ চিঞৰত সিটো ৰূমৰ পৰা দাদাও আহিল দৌৰি।দেতাই টোপনিত কাৰোবাক মাৰিলে বুলি।মই ধুম ধাম কিতাপ মেলি লৈছো। মাজু বাইদেউ তাইৰ ডেলিভাৰিৰ সময় ,ঘৰত আছিলহি।তাইও আহিল নিজৰ বিছনাৰ পৰা উঠি। কেচতো তদন্ত কৰা হ’ল। আচুতীয়া কোঠাতোত বেলেগে থোৱা, ঘনে ঘনে মুতিব লগা, ডায়েবেটিছ থকা মাৰ ৰাতি মুত্ৰ বিসৰ্জনৰ চৰিয়াতো শুৱা বিছনাৰ কাষলে কোনে আনিলে।য’ত আপাই চেণ্ডেল খেপিয়াই নেপাই লাষ্টত দেতাৰ গোৰত সাঁতুৰিব লগা হ’ল। দাদাৰ এনকোৱাৰিত ৰূমৰ আঙুলিবোৰ মোৰ ফালে । সিফালে ডায়েবেটিছৰ মুত অকটা গোন্ধ ৰূমতোত থাকিব নোৱাৰা গতি।সৱৰে সোঁফা মুখত। মই ভয়ত কিতাপ মেলি কি ভেনভেনাইছো নাজানো। দাদাই কেচৰ তদন্ত লোৱাদেখি জিভা শুকাই গৈছে।।
আপাক মায়ে ধুৱাবলে লৈ গল টিউৱেলৰ পাৰলে…😕_…হব অ কিমান কান্দ।মোৰ মুত হে গৰুৰ মুতত পৰা নাই নহয়। মাৰ জনীৰ মুততহে পৰিছ।কি হ’বনো
দেতাই গাৰুৰ পৰা মুৰ দাঙি কৈছে…🙄🙄🙄…ইস কেলা বুজনি ছা। যেনেকৈ কৈছে তেওঁৰ মুত যেন মুত নহয় গংগাজল হে। মুত মুতেই চেন্টবটলৰ আতৰ টোপা নহয় তো। সৈটোক যে আপাক চুবলে নাই মই , মোৰ লগত শুবলেও নিদিও, কত শুৱে শুৱক অবালচনতো।
দাদাই এই জনীক কি কৰা যায় অ বুলি কি পঢ়িছো চাবলে আহি থালৰ থালৰ দিলেহি মোক ।তাৰ আগলৈকে সি হাঁহিয়ে আছিল আপাক চাই মোৰ কাণ্ডত।দাদাই মই পঢ়া কিতাপখন চাইহে মোক ধম ধম বজালে।
ৰূমতোত বা হঁতৰ হাঁহো নে কান্দো গতি। কাৰণ মই দাদাৰ ভয়ত মেলি লৈ ভেন ভেনাই থকা কিতাপখন আছিল গভৰ্ৱতী মহিলাৰ ল’ব লগা যতন।।।
মেট্ৰিক পৰীক্ষাত কোনজনী গৰ্ভৱতীক যতন ল’বি ঐ জধামুৰ্খ ,বুলি এইচা দবালে অ মোক গোটেই জাকে মিলি।
তেতিয়াৰ পৰা গৰ্ভৱতী গৰু ছাগলী দেখিলেও জিকাৰি যাওঁ…।
বায়ে পঢ়া কিতাপখন মোৰ টেবুলত তাইয়ে থৈছিল।ভয়ৰ চুতত তাকে মেলি দগৰাজাৰন পালো।
সিফালে টিউবেলৰ পাৰত আপাৰ কান্দোন,মাৰ মুতত ডুবি ,ৰাতি এক বজাত চাবোন দি গা ধুইছে।



You must be logged in to post a comment.