মেমৰীত আহিলে,শ্বেয়াৰিবলে মন যোৱা লেখাটো।

আপা_
(শুৱালকুচিৰ মাহীৰ ল’ৰাটো,যাক আপা বুলি মাতো।)

আগতে পৰীক্ষাৰ সময়ত মোৰ টোপনী বেছি হয়। তেতিয়া শুৱালকুছিৰ মাহীৰ পুতেক এটা আমাৰ ঘৰত আছিল। তাক আপা বুলি মাতো।মই ৰাতি পৰীক্ষালে পঢ়োতে প্ৰায়ে টেবুলত মূৰ থৈ সপোন দেখি থাকো। মূৰৰ চুলিৰ মাজ ডোখৰ পুৰি গোন্ধ ওলালে ঘৰৰ মানুহে গম পায়, দগৰা গালি দিয়ে।

মা ৰাতিয়ে আৰম্ভ হয় বহি লৈ…… 😠😠হ’ল আইদেউ, তুমি ফালিবা। লোকৰ ছোৱালীয়ে ৰাতি দুটালে লাইট জ্বলাই পঢ়ে।আমাৰ এওঁক চোৱা।

তল নপৰো মই 😒_এএ হব মোক তহঁতেহে লাইট জ্বলাবলে নিদিয় একেটা ৰূমতে শুৱ টোপনি খটি হয় বুলি। লাইট জ্বলাই পঢ়িলে মোৰো চুলি নুপুৰে।ইমান ওপৰত লাইটতো কেনেকে চুলি পুৰিব।

তেতিয়ালৈ আঠুৱা তলৰ পৰা মা আহি কি কৈছ তই বুলি মোৰ মুৰত আঠা লাগেহি ।মানে চুলি জোকোৰা দিয়ে।
মায়ে এই কথাই কথা নহয় বুলি মোক ৰখিবলে ৰখীয়া বিছাৰিবলে ধৰিলে। মোৰ টোপনী চেকিঙৰ দায়িত্ব পৰিল আপাৰ ওপৰত।
সি মোক চকিদাৰী কৰিবলে লাগি গ’ল, ৰাতি মই শুও নে পঢ়ো চাবলৈ। এনেও তাৰ লগত মোৰ চকুৱে চকুৱে নপৰে।মোৰ সাহিত্যৰ বিষয় নথকা দিনা সি তাৰ স্কুললে মোৰ বহীখন নি,বেক চাইদৰ পৰা বিজ্ঞানৰ প্ৰশ্নোত্তৰ লিখে। যিটো মই একদম গম নেপাওঁ। ।আগফালৰ পৰা আমাৰ হাইস্কুলৰ চাৰে চহী দি গৈ আছে মই লিখা সাহিত্যত,পিছফালৰ পৰা আপাৰ মাষ্টৰতো বিজ্ঞানৰ চহী মাৰি আহি আছে ,সি লিখা বিজ্ঞানত।এদিন আমাৰ চাৰে চহী মাৰি গৈ ,আপাৰ বিজ্ঞানৰ মাষ্টৰৰ টিকাত দিলে খুন্দা। চাৰে মোৰ লিখা আৰু আছেনি বুলি চেক কৰোতে পিছলে ,দেখে, এলপিৰ বিজ্ঞানৰ চহী মাৰি আপাৰ মাষ্টৰজন বহি আছে আৰামত।

মোক হোলচেলত বাই পেলালে চাৰে। আৰু মই বালোহি ঘৰত আপাক।

সেই আপাকে দায়িত্ব দিলে মায়ে,মোৰ পঢ়া চেকিঙ কৰিবলে।

দায়িত্ব লৈয়ে আপাই,মই টোপনিয়ালেই ,সি শুৱা বিছনাৰ তললে হাত নি চেণ্ডেল এপাত দলিয়াই দিয়ে। দুদিন গাত পৰিছে দেতাৰ গধপা চেণ্ডেল। এদিন জিম কৰবেটৰ বিষয়ে মেলি ইমান ধুনীয়াকে টেবুলত মূৰ থৈ বিয়া খাই আছো…গাঁৱৰ সিমূৰত, বোবাই দাৰ ঘৰত।…দৰা ঘৰীয়া পাইছিলহে আহি, তেনেতে আমি খাবলে বহিছো আৰু।

খাচী মাংস এডোখৰ চোবাই চোবাই , সা সোৱাদ নেপাই আকৌ ভৰাওঁ মূখত।
আপাই মোক বহি লৈ চাই আছিল, কিতাপৰ চুক এটা চোবাই কেনেকে টেবুলত মূৰ থৈ শুই আছো মই। ।
হঠাৎ খাই উঠি,হাত ধুবলে গৈ টিউৱেলৰ পাৰত পিছল খাই পৰোতেহে, গম পাওঁ……মই বিয়াঘৰত নাই। চকীৰ পৰা টোপনীয়াই ধউউমকে পৰি ,চাওঁ মই ঘৰতহে আছো ,তাকো টেবুলৰ তলত।
। তাৰ পিছতে আপাই মহাভাৰত যুদ্ধৰ শৰৰ দৰে বিছনাৰ কাষৰ সৱ চেণ্ডেল বৰশিবলে লাগিল। সি মাক চিঞৰিছে…_ জেঠী ৰেই ইতানে পাপু শুই শুই ধাচকে পৰি গেচি। এক কনো পঢ়া নাই,কিতাপ চোবেই চোবেই শুই আছে মৰণ নহৌটি।

সি দলিওৱা চেণ্ডেলৰ কোব মোৰ গায়ে মূৰে। দিলো গালি……শুই থাক, বিয়া এখন খোৱাৰো শান্তি নাই এই পাষণ্ডতোৰ পৰা।।

মায়ে টোপনীতে বলকিছে…😠😠…আইদেউ এইবাৰ ফেইল মাৰিবই ।নাক কান গল সৱ এইখন,অমুকৰ জীয়েকৰ ৰিজাল্ট চাবাছোন।
আপাই পিছদিনা সৱতে মোৰ মাৰ্কেট গেলাই দিলে _পাপু গেধীয়ে পঢ়োতে টোপনিয়াই চকী পা পৰিল। দাঁত চাত ভাঙি গেচ্চি তাইৰ। আৰু মই দগৰা দিচ্চো তাইক,জেঠুৰ নতুন চেণ্ডেলে খুউব পিট্ ছো তাইক।

তাৰ পিছত মোক যেই দেখে সেই সুধে 🙄🙄 হয়নে অ পাপু তোৰ বোলে চকীৰ পৰা পৰি আগ দাঁত সৰিল তহঁতৰ আপাই কৈছে।সি হেনো তোক চেণ্ডেলে দগৰাজাৰনো দিলে পঢ়া পা।

😲😲😲_ওৱৱৱ ই মানে এগুনত দুগুণ বিয়পাই পেলাইছে ।সি এনেই মোৰ ভয়ত পেঁপুৱা মায়ে তাক চকিদাৰী পাৱাৰতো দিলে বাবে তাৰ টেম্পাৰ বাঢ়িল।মহামাৰীতো ৰহ আজি তোৰ চকিদাৰী গিৰি বাহিৰ কৰি আছো।

সেইদিনা ৰাতি পঢ়ি আছো। সৱ টোপনী গৈছে আউ। মই লাহেকৈ উঠি আপাই খেপিওৱা বিছনাৰ কাষৰ চেণ্ডেল আতৰাই ,থলোহি বেলেগ এটা বস্তু তলত। তাৰ পিছত চকীত আহি টোপনিওৱা ভেশচন ধৰি ধউমকে পৰা শব্দ কৰিলো ।মায়ে ফিটকৰা চকীদাৰে নাগৰাজৰ দৰে গাৰুৰ পৰা মুৰ দাঙি তললে খেপিয়াইলেই নহয়।সি চেণ্ডেল বিছাৰি তলত খলক খলক মাৰিছে। এপাকত কি অ এইখন বুলি কাটি হৈ আঠুৱা দাঙি তললে চাওঁতেই দেতাই 😠__এই অবালচন সৱ কি খৰমৰাই থাকে অ ,শোৱাৰো শান্তি নাই বুলি গোৰ মাৰি দিলে তাক। সি ধউমকে তলৰ খলক খলকতে পৰিলহি। মাৰ ভাগৰ পৰিয়ালৰ সম্পত্তি, চিকতা দেতাৰ এনেও হজম নহয় আগৰ পৰাই ।খুলশালীয়েককে পোন্দোৱা পোন্দোৱি কৰে। তাতে এতিয়া ওলমিল টেটুত মাৰ ভণীয়েকৰ পুতেক।

সিফালে তলত পৰা আপাই নিজক চৰিয়া এটাত উদ্ধাৰ কৰি ,নিজকে শুঙি শুঙি ৰাউচি জুৰিবলে লাগিল …_অ মাই অ।অই জেঠী মই তোৰ মুতাতে পৰলো। মুতাৰ চৰিয়াতো এতে কুনি থৈছিল ।অ মই মৰলো অ। গোটাই মুতাত ডুবি গেলো মই ।চেচ হৈ গ’লো মই মুতাত ডুবি।

তাৰ চিঞৰত সিটো ৰূমৰ পৰা দাদাও আহিল দৌৰি।দেতাই টোপনিত কাৰোবাক মাৰিলে বুলি।মই ধুম ধাম কিতাপ মেলি লৈছো। মাজু বাইদেউ তাইৰ ডেলিভাৰিৰ সময় ,ঘৰত আছিলহি।তাইও আহিল নিজৰ বিছনাৰ পৰা উঠি। কেচতো তদন্ত কৰা হ’ল। আচুতীয়া কোঠাতোত বেলেগে থোৱা, ঘনে ঘনে মুতিব লগা, ডায়েবেটিছ থকা মাৰ ৰাতি মুত্ৰ বিসৰ্জনৰ চৰিয়াতো শুৱা বিছনাৰ কাষলে কোনে আনিলে।য’ত আপাই চেণ্ডেল খেপিয়াই নেপাই লাষ্টত দেতাৰ গোৰত সাঁতুৰিব লগা হ’ল। দাদাৰ এনকোৱাৰিত ৰূমৰ আঙুলিবোৰ মোৰ ফালে । সিফালে ডায়েবেটিছৰ মুত অকটা গোন্ধ ৰূমতোত থাকিব নোৱাৰা গতি।সৱৰে সোঁফা মুখত। মই ভয়ত কিতাপ মেলি কি ভেনভেনাইছো নাজানো। দাদাই কেচৰ তদন্ত লোৱাদেখি জিভা শুকাই গৈছে।।

আপাক মায়ে ধুৱাবলে লৈ গল টিউৱেলৰ পাৰলে…😕_…হব অ কিমান কান্দ।মোৰ মুত হে গৰুৰ মুতত পৰা নাই নহয়। মাৰ জনীৰ মুততহে পৰিছ।কি হ’বনো
দেতাই গাৰুৰ পৰা মুৰ দাঙি কৈছে…🙄🙄🙄…ইস কেলা বুজনি ছা। যেনেকৈ কৈছে তেওঁৰ মুত যেন মুত নহয় গংগাজল হে। মুত মুতেই চেন্টবটলৰ আতৰ টোপা নহয় তো। সৈটোক যে আপাক চুবলে নাই মই , মোৰ লগত শুবলেও নিদিও, কত শুৱে শুৱক অবালচনতো।

দাদাই এই জনীক কি কৰা যায় অ বুলি কি পঢ়িছো চাবলে আহি থালৰ থালৰ দিলেহি মোক ।তাৰ আগলৈকে সি হাঁহিয়ে আছিল আপাক চাই মোৰ কাণ্ডত।দাদাই মই পঢ়া কিতাপখন চাইহে মোক ধম ধম বজালে।
ৰূমতোত বা হঁতৰ হাঁহো নে কান্দো গতি। কাৰণ মই দাদাৰ ভয়ত মেলি লৈ ভেন ভেনাই থকা কিতাপখন আছিল গভৰ্ৱতী মহিলাৰ ল’ব লগা যতন।।।
মেট্ৰিক পৰীক্ষাত কোনজনী গৰ্ভৱতীক যতন ল’বি ঐ জধামুৰ্খ ,বুলি এইচা দবালে অ মোক গোটেই জাকে মিলি।
তেতিয়াৰ পৰা গৰ্ভৱতী গৰু ছাগলী দেখিলেও জিকাৰি যাওঁ…।
বায়ে পঢ়া কিতাপখন মোৰ টেবুলত তাইয়ে থৈছিল।ভয়ৰ চুতত তাকে মেলি দগৰাজাৰন পালো।
সিফালে টিউবেলৰ পাৰত আপাৰ কান্দোন,মাৰ মুতত ডুবি ,ৰাতি এক বজাত চাবোন দি গা ধুইছে।

মা দেউতাৰ চকুত তেওঁলোকৰ পচন্দৰ ড্ৰেছেৰে বিশ্বসুন্দৰী নগাঢাৰী😎😎😎😎

সৰুতে নতুন চোলালে বাট চাই থকা সময়বোৰ। হোলোঙা ফ্ৰক এটা দেতাই আনি দিয়ে।গোটেই অসমৰ মানুহ সুমাই চুবুৰীয়া ৰাজ্যৰো আধা সুমাব পৰাকৈ। মায়ে কয় ভালেই হ’ল তাই ডাঙৰ হোৱালৈকে পিন্ধিব পাৰিব। দেতাই শলাগি তৎ নেপাই মোক ইমানেই ভাল দেখে।। অত শলাগনিত গম পাবলে বাকী নেথাকে মই যে গদাপানীৰ চোলাত সুমাই পৰা গতি এটালে গৈছো।মনতে ভাবোঁ… ডাঙৰ হোৱালৈকে পিন্ধিব পৰালৈ সৰু কালচোৱা চোলাটোৱেই মোক পিন্ধি ফুৰিব মানে।

এবাৰ বিয়ালে পিন্ধি ওলালো। অকল মূৰতো ওলাই আছে নিজৰ বুলিবলে। মামাহঁতৰ গাঁৱত বিয়া। মামাই মাক সুধিছে অকলে আহিলি যে বাইদৌ। মায়ে কৈছে মাইনাও আহিছে। মামাই পিছলে চাই কৈছে ইয়ৌ ফাপৰিক মই দেখাই নাই। কজলা ৰঙৰ কি চোলা আনি দিলি এইক এইটো , গৰু পোৱালীটো বুলিহে ভাবিছিলো মই আমাৰ।
সেইচাট বেইজ্জতীৰ পিছত ইজ্জ্বত বুলিবলে কি বাচি থাকিল মোৰ, যে বিয়াখন খাম। মায়ে বিয়া ঘৰলে নেযাম বুলি মোক কিমান ধুনীয়া লাগিছে বৰ্ণনা কৰে।লগতে এইটো ক’বলে নাপাহৰে তেওঁৰ মানুহতোৱে অনা চোলাটো এটা পিচেই বজাৰত ওলাইছে যিটো কেৱল মইহে পিন্ধিছো ।

মামা হঁতৰ চোতালেদি বিয়ালে যাওঁতে মামাহঁতৰ গোহালিটো চকুত পৰে। যদি মামাই কোৱাতোৰ দৰে লাগিছো, গৰুজনীয়ে পুতেক বুলি মোক চাই হেম্বেলিয়াবই। তেনেতে হেম্বেলনি এটা শুনি মই ৰৈ দিওঁ……মানুহে মিছা ক’লেও গৰুৱে নকয় ।মোক কজলা গৰুৰ পোৱালীৰ দৰেই লাগিছে হয় ।মাকে হেম্বেলিয়াইছে গোহালিৰ পৰা।
মায়ে ওভটি আহি মোক টানি নিয়ে। বিয়াঘৰত মোৰ দৰে মডেল কেইবাটাও দেখিহে গালৈ তৎ আহে। এজনীৰ পামচু টাইপৰ এযোৰ নাও খনৰ সমান ,কাপোৰ ভৰাই লৈছে।ডাঙৰ হ’লে পিন্ধিব পৰালৈকে আনি দিছেনে সুধিলো তাইক।,তাই কৈছে খুৰাৰ দৰা হওঁতে বিয়াত পিন্ধাহে এইযোৰ।এনেই পৰি আছিল বাপেকৰ পৰামৰ্শত পিন্ধি আহিছে।মই মনতে এইৰ বাপেক মোৰতো বাপেকতকেও দূৰদৰ্শী ,অৱশ্যে আমাৰতোৱে এইযোৰ পালে পানী বাঢ়িলে নাও কৰি গৰুলে ঘাঁহ কাটিবলেও হলেও যাব।
মোৰ বয়সৰ এটা মডেল পালো, চুয়েটাৰ নিপিন্ধিলেও হয় যদিও ঠাণ্ডা পৰা নাই।তাই পিন্ধিছে হলেও। চুয়েটাৰটো আঠুৰ তলত পৰে। তলৰ অংশটো চেণ্ডেলতে শেষ যদিও অকনমান কিবা ওলমি আছে। চয়েটাৰৰ তলৰ ফ্ৰকটোৰ অংশ। সুধি দিলোঁ ,চুয়েটাৰৰ তলত কি সেইটো। নিজৰে ফ্ৰক , ওচৰৰ বিয়া বাবে মাকে নতুন পিন্ধিবলে নিদিয়ে, দূৰলৈ পিন্ধে সদায় নতুনবোৰ তেওঁৰ মতে। সেয়ে মাকে দেখিব বুলি ওপৰত ককায়েকৰ চুয়েটাৰ এটা পিন্ধি আহিছে।মুঠতে পিন্ধিহে এৰিছে নতুনটো।

মোৰ ফ্ৰকটোৰে এখনেই বিয়া খালোঁ…… পিছলৈ সেইটো দেতাই পিন্ধি ঘাঁহ কাটিবলে যাব বুলি মায়ে কাৰোবাক দি দিলে মনে মনে। 😂😂😂😂😊😂😂😂😂😂😂😂😂😂😂😂😂

2/_______হোলোঙা চোলাটোৰে মা দেতাৰ চকুত জোৰেৰে বিশ্ব সুন্দৰী হৈ থকাৰ সময়ৰে কথা।আহি গ’ল চুয়েটাৰৰ দিন। নামটো বেগী আছিল চুয়েটাৰতোৰ। মাৰ্কেট জমাই আছে বেগীয়ে।, কিন্তু মোৰ ভাগত পৰাটো বেগীতকৈও বেছিয়ে বেগী আছিল,ওচাইন বল্টৰ দৰে।অনায়াসে দুইটা হাতত মা দেতাৰ দুইটা পৰিয়াল সুমাই ফুৰিব পাৰিব। সেইটো পিন্ধি লৈ জন্মদিয়া দুইজনৰে চকুত আৰু জোৰেৰে বিশ্বসুন্দৰীৰ ওপৰৰ লেভেল এটালৈ গুছি গ’লো। না সেইটো পিন্ধিলে তললে মোৰ ফ্ৰকতো ওলাই ,না মোৰ আঁঠুদুটা ওলাই। ফ্ৰকটো, চুয়েটাৰৰ তলত লাড্ডু পাতি থাকে,তথাপি মই বিশ্বসুন্দৰীতকে ওপৰত, তেওঁলোকৰ খৰচ হোৱা পইচা কিটাৰ জহত।
।চুয়েটাৰ দাঙি তললে টানি থাকো ফ্ৰকটো, তাৰ অস্তিত্ব ঘোষণা কৰিবলে। সিফালে চুয়েটাৰৰ হাত হোলোঙা দাঙিবই নোৱাৰি,হাত দুটা তললে ওলমি থাকে হাতীকাণৰ দৰে দুচাট।হাত দুটা কোঁচাই লওঁ মানে ওপৰলে দাঙি, তলৰ ওলোৱা ফ্ৰককন পিৰিক কে দৌৰ মাৰে ভিতৰলে, যেন তাৰ ভাও শেষ ,গ্ৰীণ ৰুমলে দৌৰিছে।
সেইখন যুদ্ধৰ মাজত ,মাৰে দেতাৰে প্ৰশংসা হাই লেভেলত। তেনেকুৱা ফাছ কিলাছ ডিজাইন প্ৰথম মই পিন্ধিছো বুলি। বুৰ্বকৰো বুৰ্বক সঁচা ভাবো তাকে। নামঘৰৰ কাপোৰ পিন্ধোৱা ডবাটো আৰু মোৰ মাজত পাৰ্থক্য বিশেষ নাই সেয়া মনলে নাহে। মামাই এদিন কৈছিল সেইটোৰে দেখি, বিশ্ব সুন্দৰী নহয় ,তোক বিশ্ব বান্দৰী লাগিছে। কোনে আনি দিলে তোক ভুতে চিনেমাত পিন্ধা চোলাতো।
মানে মই গোটইজনী এনেই ৯০ শতাংশ চুয়েটাৰতোৰ ভিতৰত সুমাই আছিলোঁ…মামাৰ কথাত ওলাই থকাকনো সুমুৱাই আজি পা নিপিন্ধো বালৰ চোলা,তহঁতেই পিন্ধ বুলি চোতালত এটোপোলা হৈ বাগৰি দিলো।
দেতাই কৰবাৰ পৰা আহি পাইছিলহে অলপ আগত। কথাটো শুনি ই নৰকীয়ে চেচ কে দিলে বুলি ,চাইকেল পেলাই, মোক ভৰিফালে ধৰি মামাক কয়, তই মূৰলে ধৰ, নতুন চুয়েটাৰ লেতেৰা হ’লে ঘূৰাইও ন’লব। এই বিছনাত বাগৰকগে। আহিয়েই তেজটোপা খালি, ধৰ ভাগিনিয়েৰক।
মামাইও তৎভট নেপাই ধৰেহি, বাটতে সুধে ক’লৈ নিম ভিনদেউ এইক।
দেতাই খঙতে মোৰ মূৰলে নে বুলি চিঞৰে।
মায়ে কয় বিছনালে নে হেৰৌ,সিনো কিতো জানে বাৰু এইবোৰ ।

দুইটাই মোক নি বিছনাত পেলাই ধমৰকে।
, মায়ে দেতাই পুনৰ মোৰ ৰূপৰ প্ৰশংসাত নামে। মামাকো মায়ে ইঙ্গিতেৰে কিবা বুজালে হ’বলা, মামাইও বহুত বলেৰে মোক শলাগেতোক এনেইহে কৈছিলো মই ভুতৰ চোলা বুলি।ভিনদেউৱে তোক ইংলিছ মেডিয়ামৰ হেডমাষ্টৰে পিন্ধা চোলা আনি দিছে। কন্দাৰ মাজতে ঘটক কে ৰৈ সুধিছোঁ সেইটো কি চোলা আকৌ। মায়ে কয় __মাষ্টৰ যেতিয়া ভাল চোলাই হ’ব তাকো ইংলিছ মেদিয়ামৰ ভাবচোন। লগত দেতাৰ উজান তাকো হেডমাষ্টৰৰ,মানে ফাদাৰৰ ভাবচোন।

ফাদাৰ ক’লতে বুজি পাই আকৌ বাগৰিলো,এৰা কান্দোন খনৰ পিছৰকনৰ পৰা, নিপিন্ধো মই বালৰ চোলা।
মায়ে দেতাক গালি দিছে। তাই হেডমাষ্টৰত ৰৈছিল,এই মানুহতোৱেহে বেছিকে বুজাই এইখন কৰিলে। কি কৰ কৰ হঁত।
মই কান্দিয়ে চিঞৰো, __মই ৰোৱা নাছিলো অ কাৰ লেখিয়া লাগিছে অৰ্থটো ভালকে বুজিবলেহে সুধিছিলো। নিপিন্ধো মই এইটো।

দেতাই তোৰ ভায়েৰ কলি কন্টকতোৰ দোষ নেদেখ,সি উদাহৰণ নেপালে আউ দিবলে।তাৰ উদাহৰণত জোৰ দিবলে গৈ হে এইখন হ’ল।
মামাই কথা বিষম দেখি পলাই পত্ৰঙ দিলে।

। দেতাই দুঢকা দিলে ধুনৌতি কাউৰি নম্বৰ কিমান পাইছিলি। লগত আহি গ’ল সত সতী তেওঁৰ পত্নী……ঠিক কৈছে। নম্বৰ সেয়া ধুনতো চা।যি দিছো তাকে পিন্ধ।

কথা বিষম দেখি তাকে পিন্ধিবলে মান্তি হ’লো।চুয়েটাৰৰ ভিতৰৰ পৰা নিজৰ বুলিবলে মোৰ ওলাই থাকে অকল ভৰি দুটা। কেতিয়াবা মাৰ লগত ক’ৰবালে গ’লেও মাক সুধে __অকলে যে নবৌ।
মই মাত দিওঁ…আছো চুয়েটাৰৰ ভিতৰত।।
তেনেকেই গাঁৱৰে বিয়া এখনত ফালি আছো। লগত তেনেকুৱা মডেল আৰু দুটামান।এটাতো জাতেকে ধৰিব নোৱাৰি, জন্মতে কি বিভাগৰ আছিল এইটো। দীঘল চুয়েটাৰ সৰু গাঁঠী চুৱে। দিজাইন দীঘল হলেও বেলেগ কথা, চুয়েটাৰতোক চিজাৰিয়ান কৰি দীঘল কৰা ধৰিব পাৰি। ডাঙৰ মানুহৰ কঁকালত পৰা,মানে তাইৰ খুৰাকৰ চাগে সেইটো। এজনীতো হাত মেলি দিলে যীশু খ্ৰীষ্টই সাইলাখ। তাৰ তুলনাত মই বহুত ভাল।
আমাক চাই ,আমাৰ বয়সৰ ষ্টাইলিছ দুজনীমানে হাঁহে, থৰি না পাত্তা দিম।
তেনেকেই খেলি খেলি, দৰা অহাৰ আগে আগে ভাগৰ লাগি চাইদতে আন্ধাৰত বাহিৰত ঠেলা এখন আছিল তিনিওজনী বহিলো। চয়েটাৰৰ ভিতৰলে হাত ভৰি কোঁচাই গোলকে বহি লেকচাৰ দি আছো। তাতে গ’ল টোপনি। যেতিয়া সাৰ পাওঁ……আমি চলন্ত গতিত। ঠেলাখনত দৈ আনিছিল খেৰো আছিল অলপ,এজনী কাটি হৈও পৰিল তাতে আৰামত। মই কথা শুনিবলে কাণ উনাও কলৈ আহিছোঁ বুলি, দুজন মানুহে কিবা ৰঙালাও অনাৰ কথা পাতিছে গাঁৱৰ মূৰৰ পৰা। তাৰে চাৰিটামান মাৰি দিব। ৰাষ্টাতে থৈ যাব,ঘূৰি আহি ঘৰলে নিব।দৰাঘৰীয়া খানালে পাচলি কমিল। ৰক্ষা বুলি মাত বোল নকৰি তাতে জুপুকা মাৰিলো মই,ঘূৰি একেজেগালেকে আহিম যেতিয়া চিন্তা নাই। ৰঙালাও ল’লে আন্ধাৰতে ঠেলা থৈ। সৱ দমালেও সোঁৱে বাওৱে, অথচ আমি থকা গম নাপাই।।লগৰ দুজনী তেতিয়াও টোপনিত। ৰঙালাও লৈ আহি ঠেলাখন খোৱা ঘৰৰ চাইদত থৈ প্ৰথম মোৰ মূৰত ধৰি টানিছে এটাই,বন্ধা চুলি কোচাত ধৰি। ওপৰলে নুঠো। আকৌ টানে নুঠো। বৰ গধুৰ অ বুলি এপাকত লগৰজনীক টানে চুলিত ধৰি । দিলে চিঞৰ সাৰ পাই , লগত সিজনীও সাৰ পাই কন্দাকটা লগালে। ঠেলাত ৰঙালাও অনা দুইটা কেল্লা মাত মতা কি ৰঙালাও দিলে ঐ বুলি ঠেলা এৰি পুখুৰিয়েদি দে দৌৰ। মই চিঞৰিছো ৰৱ আমিহে বুলি, আৰুহে দৌৰিছে।
মাত মতা ৰঙালাউ বুলি সিহঁত দুটা ক’লৈলৈকে দৌৰিল নাজানোঁ,আমি তিনিও জনী গপচত ৰভাতলত বহি আছোহি। পিছদিনা বাটৰ কাষত চাৰিটা ৰঙালাও পৰি আছে,সিহঁতে তাত থৈও মাত মতা ৰঙালাউ বুলি বুটনি নিনিলেহি।আমি কিজনীয়ে নি কইনা ঘৰত দি দিলোগৈ।

সেই ফ্ৰকটো আৰু মা হঁতৰ চকুৰ বিশ্ব সুন্দৰী মই

সৰুতে নতুন চোলালে বাট চাই থকা সময়বোৰ। হোলোঙা ফ্ৰক এটা দেতাই আনি দিয়ে।গোটেই অসমৰ মানুহ সুমাই চুবুৰীয়া ৰাজ্যৰো আধা সুমাব পৰাকৈ। মায়ে কয় ভালেই হ’ল তাই ডাঙৰ হোৱালৈকে পিন্ধিব পাৰিব। দেতাই শলাগি তৎ নেপাই মোক ইমানেই ভাল দেখে।। অত শলাগনিত গম পাবলে বাকী নেথাকে মই যে গদাপানীৰ চোলাত সুমাই পৰা গতি এটালে গৈছো।মনতে ভাবোঁ… ডাঙৰ হোৱালৈকে পিন্ধিব পৰালৈ সৰু কালচোৱা চোলাটোৱেই মোক পিন্ধি ফুৰিব মানে।

এবাৰ বিয়ালে পিন্ধি ওলালো। অকল মূৰতো ওলাই আছে নিজৰ বুলিবলে। মামাহঁতৰ গাঁৱত বিয়া। মামাই মাক সুধিছে অকলে আহিলি যে বাইদৌ। মায়ে কৈছে মাইনাও আহিছে। মামাই পিছলে চাই কৈছে ইয়ৌ ফাপৰিক মই দেখাই নাই। কজলা ৰঙৰ কি চোলা আনি দিলি এইক এইটো , গৰু পোৱালীটো বুলিহে ভাবিছিলো মই আমাৰ।
সেইচাট বেইজ্জতীৰ পিছত ইজ্জ্বত বুলিবলে কি বাচি থাকিল মোৰ, যে বিয়াখন খাম। মায়ে বিয়া ঘৰলে নেযাম বুলি মোক কিমান ধুনীয়া লাগিছে বৰ্ণনা কৰে।লগতে এইটো ক’বলে নাপাহৰে তেওঁৰ মানুহতোৱে অনা চোলাটো এটা পিচেই বজাৰত ওলাইছে যিটো কেৱল মইহে পিন্ধিছো ।

মামা হঁতৰ চোতালেদি বিয়ালে যাওঁতে মামাহঁতৰ গোহালিটো চকুত পৰে। যদি মামাই কোৱাতোৰ দৰে লাগিছো, গৰুজনীয়ে পুতেক বুলি মোক চাই হেম্বেলিয়াবই। তেনেতে হেম্বেলনি এটা শুনি মই ৰৈ দিওঁ……মানুহে মিছা ক’লেও গৰুৱে নকয় ।মোক কজলা গৰুৰ পোৱালীৰ দৰেই লাগিছে হয় ।মাকে হেম্বেলিয়াইছে গোহালিৰ পৰা।
মায়ে ওভটি আহি মোক টানি নিয়ে। বিয়াঘৰত মোৰ দৰে মডেল কেইবাটাও দেখিহে গালৈ তৎ আহে। এজনীৰ পামচু টাইপৰ এযোৰ নাও খনৰ সমান ,কাপোৰ ভৰাই লৈছে।ডাঙৰ হ’লে পিন্ধিব পৰালৈকে আনি দিছেনে সুধিলো তাইক।,তাই কৈছে খুৰাৰ দৰা হওঁতে বিয়াত পিন্ধাহে এইযোৰ।এনেই পৰি আছিল বাপেকৰ পৰামৰ্শত পিন্ধি আহিছে।মই মনতে এইৰ বাপেক মোৰতো বাপেকতকেও দূৰদৰ্শী ,অৱশ্যে আমাৰতোৱে এইযোৰ পালে পানী বাঢ়িলে নাও কৰি গৰুলে ঘাঁহ কাটিবলেও হলেও যাব।
মোৰ বয়সৰ এটা মডেল পালো, চুয়েটাৰ নিপিন্ধিলেও হয় যদিও ঠাণ্ডা পৰা নাই।তাই পিন্ধিছে হলেও। চুয়েটাৰটো আঠুৰ তলত পৰে। তলৰ অংশটো চেণ্ডেলতে শেষ যদিও অকনমান কিবা ওলমি আছে। চয়েটাৰৰ তলৰ ফ্ৰকটোৰ অংশ। সুধি দিলোঁ ,চুয়েটাৰৰ তলত কি সেইটো। নিজৰে ফ্ৰক , ওচৰৰ বিয়া বাবে মাকে নতুন পিন্ধিবলে নিদিয়ে, দূৰলৈ পিন্ধে সদায় নতুনবোৰ তেওঁৰ মতে। সেয়ে মাকে দেখিব বুলি ওপৰত ককায়েকৰ চুয়েটাৰ এটা পিন্ধি আহিছে।মুঠতে পিন্ধিহে এৰিছে নতুনটো।

মোৰ ফ্ৰকটোৰে এখনেই বিয়া খালোঁ…… পিছলৈ সেইটো দেতাই পিন্ধি ঘাঁহ কাটিবলে যাব বুলি মায়ে কাৰোবাক দি দিলে মনে মনে।

…………………#………………#……………………#

মা দেতাৰ চকুত হোলোঙা চোলাৰে বিশ্বসুন্দৰী দেখা পিছৰ খণ্ড 😎😎😎😎

অসীমা এচ দত্ত

। 😜😌😌😌😌😌😌😌😌😌😌